History
বজালীৰ আছে অনন্য ইতিহাস, গৌৰৱ, শৌৰ্য্য আৰু আছে ঐতিহ্যৰে সমৃদ্ধ এক বিস্তৃত পৰিক্ৰমা । ড° সূৰ্য্য কুমাৰ ভূঞা সম্পাদিত কামৰূপৰ বুৰঞ্জীত বজেলীয়া কোঁৱৰে খাইছিল মানে পৰগণা বজালী হ'ল বুলি উল্লেখ কৰা হৈছে। বিভিন্ন ৰাজশক্তিৰ শৌর্যৰে সমৃদ্ধ এই বজালীয়ে বহন কৰিছে ৬০০ বছৰীয়া ইতিহাস। এই বজালীয়ে যন্ত্রযুগে আক্রান্ত নকৰা সময়ৰে পৰা সাম্প্ৰতিক সময়লৈকে সাহিত্য, সংস্কৃতি, ক্রীড়া বিজ্ঞান আদিৰ ক্ষেত্ৰসমূহলৈ যোগাই আহিছে অনন্য অৱদান। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ ভোগপুৰ গাঁৱৰ মদন বৰ্মণ আৰু সাদেৰী গাঁওৰ ৰাউতাৰাম কোঁচৰ দেশৰ প্ৰতি থকা অতুল্য আত্মত্যাগ বজালীৰ বাবে গৌৰৱ। ৰাষ্ট্ৰৰ স্বাধীনতাৰ তাড়নাত নিজৰ সোণালী জীৱনকো তুচ্ছ জ্ঞান কৰি বজালীৰ ৰিহাবাৰীত বৃটিছৰ আজ্ঞাবাহী দাৰোগা তুলাৰাম আৰু সম্ভু চালামতে চলোৱা নিৰ্বিচাৰ গুলী বুকু পাতি লৈছিল এই দুই তেজাল দেশপ্রেমিকে। ছহিদ যুগলৰ বুকুৰ কেঁচা তেজে বজালীৰ পৱিত্ৰ ভূমি সিক্ত কৰি তুলিছিল । বজালীৰ অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিৰল ত্যাগো বজালীৰ সোণালী অতীতৰ এক স্মৃতি-কথা ।
